ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশ: ৰাষ্ট্ৰসংঘৰ প্ৰশংসা
ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ প্ৰকাশ কৰা "ৱৰ্ল্ড ইকনমিক চিটুৱেশ্যন এণ্ড প্ৰস্পেক্টছ ৰিপৰ্ট" (World Economic Situation and Prospects Report) ত ভাৰতীয় অৰ্থনীতিৰ দ্ৰুত বিকাশক উচ্চ প্ৰশংসা কৰিছে। এই প্ৰতিবেদনত কোৱা হৈছে যে ভাৰত বিশ্বৰ অন্যতম দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি।
ৰাষ্ট্ৰসংঘৰ মতে, বৰ্তমানৰ গোলকীয় অনিশ্চয়তাৰ মাজতো ভাৰতে এক উল্লেখনীয় অৰ্থনৈতিক বিকাশৰ গতি বজাই ৰাখিছে। প্ৰতিবেদনত অনুমান কৰা হৈছে যে ২০২৫ চনত ভাৰতে ৬.৩ শতাংশ অৰ্থনৈতিক বৃদ্ধি লাভ কৰিব পাৰিব।
অৰ্থনৈতিক বিশ্লেষণ আৰু নীতি বিভাগৰ মুৰব্বী শান্তনু মুখাৰ্জীয়েও ৰাষ্ট্ৰসংঘৰ এই প্ৰতিবেদনৰ সৈতে একমত প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF)-য়েও ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰতি 'আশাৰ পোহৰ' দেখা বুলি উল্লেখ কৰিছে।
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মতে, ভাৰতক বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতিৰ পৰা তৃতীয় বৃহত্তম অৰ্থনীতিলৈ যাবলৈ বেছি সময় নালাগিব। ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সমাপ্তিলৈকে ভাৰতৰ জিডিপি ৪১৮৭.০১৭ বিলিয়ন ডলাৰ হ'ব পাৰে আৰু ইয়াৰ বৃদ্ধিৰ হাৰ প্ৰায় ৬.২ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত আন দেশৰ সৈতে তুলনা কৰি কোৱা হৈছে যে ভাৰতৰ এই দ্ৰুত গতিৰ বিপৰীতে চীনৰ বৃদ্ধি ৪.৮ শতাংশ আৰু আমেৰিকাৰ বৃদ্ধি মাত্ৰ ১.৬ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে। অৱশ্যে, এই ভাল খবৰৰ উপৰিও ৰাষ্ট্ৰসংঘই নিজা প্ৰতিবেদনত সমগ্ৰ বিশ্বতে বৰ্তমান অনিশ্চয়তাৰ সৃষ্টি হোৱা বুলিও উদ্বেগ প্ৰকাশ কৰিছে।